Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Tuesday, October 17, 2023

Kati Bihu | কাতি (কঙালী) বিহু | Happy Kati Bihu | Kongali Bihu | Kati Bihu Wihsing Image

তুলসীৰ তলে তলে মৃগ পহু চৰে । তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে ।।
সকলো লৈ আমাৰ বাপতি সাহোন লখিমী উৎসৱ কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলো ।
বিহু অসমীয়া জাতিৰ উমৈহতীয়া উত্সৱ । আহিন আৰু কতি মাহৰ সংক্ৰান্তিত কাতি বিহু বা কঙালী বিহু পালন কৰা হয় । কঙালী বিহুত উলহ মালহ বেছিকৈ নাথাকে । সেয়েহে এই বিহুটিক কোৱা হয় 'কঙালী বিহু' । কিন্তু কঙালী বুলিও এই বিহুটি তাত্পর্যহীন নহয় । ধর্মীয় আচাৰ-অনুষ্ঠানেৰে শৰত্কলীয়া এই কাতি বিহু যেন শৰতৰ দৰেই স্নিগ্ধসমাহিত ৰুপত আৱির্ভাব হয় । প্ৰাচুর্যৰ অহংকাৰ নাশ হ'লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয়।কাতি মাহত কৃষিজিৱী অসমীয়াৰ ভঁৰাল উদং হৈ আহে, নতুন ফচল চপোৱাৰ দিনো হয়, কাজেই ঐহিক প্ৰাচুর্যৰ পৰিবর্তে এই বিহুত আধ্যাত্মিক প্ৰাচুর্য হোৱা দেখা যায় । এই বিহুৰ দিনা আকাশবন্তি জ্বলায় । তুলসীৰ গুৰিত নাম লয় । ভঁৰাল, ঢেঁকীশাল, ধাননি পথাৰ সকলোতে চাকি জ্বলায় ।

No comments:

Post a Comment

Adbox