Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Tuesday, January 22, 2019

ভেদাইলতাৰ কেইটামান গুণ

ভেদাইলতা প্ৰায় সকলো মানুহে চিনিপায় । পাত মোহাৰিলেই বেয়া গোন্ধ ওলায় যদিও খাওতে তেনে
গোন্ধ নেপায় । ই শৰীৰৰ নানা ৰোগত বজাৰত কিনা দামী দামী টনিকতকৈও বহুত বেচি ভাল কাম দিয়ে।
শকত হোৱাটোই সুস্বাস্থ্য নহয়। পেটতো ভালে থাকিলে শৰীৰত বেমাৰ আজাৰ কমে , বেমাৰ আজাৰ নহলে মন ভাল হয়, মন ভাল হলে চিন্তা ভাৱনাবোৰ ভাল হয়, তাকেহে কয় স্বাস্থ্য । বন-
দৰৱৰ নিয়মিত ব্যৱহাৰে অটুত স্বাস্থ্য গঢ়িব পাৰে।
ভেদাইলতাৰ গুণ :-

১। পেটৰ যিকোনো ৰোগৰ বাবে ৰামবান সদৃশ
কাম কৰে । ৰোগী বা নিৰোগী যিকোনো লোকে
ইয়াক নিয়মিত খালে শৰীৰত যথেস্থ্য বল পায় ।

২। নতুন বা পুৰনি হাগনী /গ্ৰহণী বেমাৰত ইয়াৰ কেচা ৰস বা কম তাপত আঞ্জা বনাই বা চাতনি , বৰা আদি বনাই খালে
ভাল ফল দিয়ে।
৩। যকৃত বা লিভাৰৰ যি কোনো সমস্যাত ভেদাই লতা খালে কাম দিয়ে আৰু লিভাৰ শক্তিশালীকৰে

৪। গাৰ বিষ হলে বা দিনটো কষ্টৰ কাম কৰি গা
বিষালে ১০/১২খিলা পাত আৰু ২/৩কোহ নহৰু থেতেলাই একাপ পানী আৰু অকনমান নিমখ মিহলাই খালে আৰাম পায়
গাঁঠিৰ বিষ হলেও ভাল ফল পায়

৫। এলাৰ্জি ৰোগত নিয়মিত খালে উপকাৰ পায়।

৬। ***সন্তান প্ৰসৱৰ পিচত ভেদাইলতাত কেচাহালধি মিহলাই আঞ্জা বনাই খুৱাব(বেচিকৈ উতলাব নালাগে) এনে কৰিলে প্ৰসৱৰ বিষ বেদনা কমে।

৭। হাড় ভাঙিলে বা খুন্দা খাই দুখ পালে ইয়াৰ পাত বটি বান্ধি দিব আৰু দিনত ২-৩বাৰ ৰস খাব।
৮। যিকোনো ৰোগত শৰীৰ দুৰ্বল হলে ভেদাইলতা
সুপথ্য বা টনিক হিচাৱে সদায় খাব পাৰে।
***৯। সৰু কেচুৱাৰ সঘনাই হাগণী হৈ থাকিলে ভেদাইলতাৰ কুমলিয়া ঠাৰি নাভীৰ তলত মেৰাই বান্ধি ৰাখিলে ভাল ফল পাব

১০। ভেদাইলতা শুক্ৰবৰ্ধক, বল শক্তি দায়ক
১১। একাঙ্গী ৰোগত ৪/৫চামুচকৈ ৰস দিনটোত৩বাৰ
খোৱাৰ উপৰি ৰসেৰে মালিচ কৰি উপকাৰ পাব

১২। মহিলাৰ জৰায়ুজনিত যিকোনো ৰোগত খালে আৰাম পাব ॥


খোৱাৰ নিয়ম ;- ভেদাইলতাৰ পাত, ঠাৰি,ফুল সকলো অংশই খাব পাৰি। চাতনী কৰি ,বড়া ভাজি কৰি , ৰান্ধি বা কেচাৰস যি হিচাবেই নহওক বেমাৰৰ লক্ষন আৰু বয়স অনুসৰি দিনটোত ৫ৰ পৰা ১০ চামুচ কেচাৰস দিনে ৩বাৰ খাব।তৰকাৰি কৰি খালে বেচিকৈ নিসিজাব। শুকাই গুৰি কৰিও সংৰক্ষন কৰি খাব পাৰে ।(কেচা ৰস বেচি উপকাৰী)

No comments:

Post a Comment

Adbox