Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Friday, January 4, 2019

Benefits Of Dates Fruit (খেজুৰৰ উপকাৰিতা)


খেজুৰ এবিধ শ্ৰেষ্ঠ পুষ্টিকৰ ফল
"""""""”"""""""""""""""""''"''"'"
খেজুৰ নামটো শুনাৰ লগে লগেই চকুৰ আগত ভাহি উঠে সুস্বাদূ খেজুৰ গুৰৰ পায়স আৰু ৰসগোল্লা। গৰমৰ দিনত জুতিলগা খেজুৰৰ তাৰি দুগিলাছ খালে শৰীৰৰ ভাগৰ আতৰি মনলৈ শান্তি আহে। শুকান খেজুৰ খাই বৰ মজা লাগে। খেজুৰ বা খাজুৰী এবিধ স্বাস্থ্যৰ পক্ষে উপকাৰী শুকান ফল। খেজুৰ খালে শাৰীৰিক উৎকৰ্ষ সাধনৰ উপৰিও সৌন্দৰ্য বৃদ্ধি হয়। কিন্তু খেজুৰৰ কাইটে বিন্ধিলে মজা বাহিৰ হয়, বৰ বিষায়। আমি খাই ভাল পোৱা খেজুৰত আছে ভিটামিন-এ, ভিটামিন-বি কমপ্লেক্স, ভিটামিন-কে, মেগনেছিয়াম, মেঙ্গানিজ, পেন্টোথেনিক এচিড, কাৰ্বহাইড্ৰেত, কেলছিয়াম, আইৰণ আদি। ইয়াৰ উপকাৰীতা তলত উল্লেখ কৰা হল।
(১) খেজুৰত গ্লুক'জ, চুক্ৰ'জ আৰু ফ্ৰুক্ট'জ কাৰ্বহাইড্ৰেত থাকে । সেয়েহে খেজুৰ খালে যথেষ্ট পৰিমাণে শক্তি পোৱা যায়। ডায়েবেটিচ ৰোগীয়ে কুঁহিয়াৰৰ পৰা উৎপাদিত চুগাৰ কাৰ্বহাইড্ৰেত বা চেনী খোৱাত বাধা থকা বাবে শক্তি আহৰণৰ হেতু খেজুৰ দিনে ২-৩ টা খাব পাৰে।
(২) খেজুৰত কলেষ্টেৰল নাথাকে, নামমাত্ৰ চৰ্বি থাকে কাৰণে খেজুৰ খালে তেজত কলেষ্টেৰল নাবাঢ়ে।
(৩) খেজুৰ খালে কোষ্ঠ কাঠিন্য আতৰ হয়। ৰাতি এগিলাচ গৰম পানীত কেটামান খেজুৰ ডুবাই ৰাখি ৰাতিপুৱা পানীখিনি খালে শৌচ-পেচাব খোলোচা হয়।
(৪) প্ৰতি ১০০ গ্ৰাম শুকান খেজুৰত ০'০৯ গ্ৰাম আইৰণ পোৱা যায়। ১০০ গ্ৰাম খেজুৰ খালে দৈনিক আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় আইৰণৰ ১১% পাব পাৰো। সেয়েহে খেজুৰ খালে ৰক্তহীনতা নাইকিয়া হয়।
(৫) খেজুৰত যথেষ্ট পৰিমাণৰ পোষক দ্ৰব্য থকা বাবে হাড় আৰু মাংস পেশী মজবুত হয়। খেজুৰত থকা কেলছিয়ামে দাঁত আৰু শৰীৰৰ হাড়বোৰ মজবুত কৰে বাবে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষ সহজে নহয়।
(৬) খেজুৰত ভিটামিন-এ থাকে, সেয়েহে খেজুৰ খালে কুকুৰীকণা, অন্ধতা আতৰ হোৱাৰ উপৰিও দৃষ্টিশক্তি বৃদ্ধি হয়। Zeaxanthin আৰু Lutein নামৰ পদাৰ্থৰ কাৰণে চকুৰ ৰেটিনা সুস্থ সবল হয়।
(৭) গৰ্ভৱতী মহিলাই খেজুৰ খো্ৱাটো অত্যাৱশ্যকীয়। খেজুৰত আইৰণ থকা বাবে গৰ্ভৱতীৰ ৰক্তহীনতা নহয়। ভিটামিন-কে থকা বাবে প্ৰসৱৰ সময়ত ৰক্তক্ষৰণ কমকৈ হয় , প্ৰসৱ বেদনা কমকৈ হোৱা বাবে সহজে সন্তান প্ৰসৱ কৰিব পাৰে।
(৮) আয়ুৰ্বেদিকৰ চৰক সংহিতাত উল্লেখ আছে যে খেজুৰ আৰু কিচমিচ গৰুৰ ঘিউত ভাজি একেৰাহে কিছুদিন খালে পুৰুষ আৰু মহিলাৰ যৌনক্ষমতা বাঢ়ে আৰু পুৰুষৰ শুক্ৰ বৃদ্ধি হয়। সেয়েহে সন্তান হীনতা সকলৰ বাবে খেজুৰ বিশেষ উপকাৰী।
(৯) খেজুৰে শৰীৰৰ ধাতু পোষণ কৰি শক্তি যোগায়। কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰা ব্যক্তিয়ে ৫ টাকৈ আগবেলা আৰু পিছবেলা খেজুৰ খালে অফুৰন্ত শক্তি পায়‌।
(১০) চৰ্দি , কাহ আৰু পানী লগাত খৈজুৰে অমৃতৰূপে কাম কৰে‌ । প্ৰতিদিনে ৪/৫ টা খেজুৰ গৰম গাখীৰৰ সৈতে খালে নতুন আৰু পুৰণি চৰ্দি ,কাহ , পানীলগা আৰু শ্বাস-প্ৰশ্বাস ৰোগ ভাল হয়।
(১১) খেজুৰ খালে শৰীৰ গৰম হৈ থাকে, সেয়েহে ঠাণ্ডাদিনত বৃদ্ধ ব্যক্তি সকলে গাখীৰৰ সৈতে খেজুৰ খালে ৰসায়নৰ দৰে কাম কৰে।
(১২) খেজুৰ এবিধ শ্ৰেষ্ঠ এন্টিঅক্সিডেন্ট হোৱা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় বাবে ৰোগমুক্ত হৈ থাকিব পাৰে। যিকোনো বেমাৰৰ বীজাণুৱে সহজে আক্ৰমণ কৰি ৰুগীয়া কৰিব নোৱাৰে।
ডা:মনোজ কুমাৰ শইকীয়া

No comments:

Post a Comment

Adbox