Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Thursday, March 21, 2019

কেঁচা গাজী মগুৰ উপকাৰিতা

#কেঁচা_গাজী_মগুৰ_উপকাৰিতা :
মগুমাহৰ ব্যৱহাৰ অসমীয়া সমাজৰত সৰ্বাধিক পৰিমাণে হয়। মাহপ্ৰসাদ, দাইল, পকৰি, বৰ্ফি, চানা, খিচিৰি চেণ্ডুইচ, হালোৱা আদি বহু প্ৰকাৰে খাব পাৰি। ইয়াত বিশেষকৈ গাজীমগুৰ বিষয়ে কব ওৱাইছো। গোটা মগুমাহ কেইঘন্টামান সময় তিয়াই থলে কোমল হয়। এই কোমল মগুমাহ খৰাহী এটা টুকি ৰাখিলে এদিনৰ পিছত ভালদৰে গজালি ওলাই আৰু ইয়াক গাজীমগু বুলি কোৱা হয়।
গাজীমগু আমি প্ৰসাদ হিচাবে খাও যদিও ইয়াৰ উপকাৰীতা সম্বন্ধে কমকৈ জানো। মগুমাহক লৈ অসমীয়া ভাষাত আছে এক সৰস বাক্য; মহন্তৰ চিন মাহনিত, বলধৰ চিন ঘাঁহনিত। বৈদিক কালৰ পৰাই ভাৰতবৰ্ষত মগুমাহ ঔষধ আৰু খাদ্য হিচাবে ব্যৱহিত হৈ আহিছে। আয়ুৰ্বেদিক চিকিৎসাৰ জীৱনীয় গণৰ অন্তৰ্ভুক্ত মুদ্গপৰ্ণী বা মগুমাহৰ পৰা তৈয়াৰ কৰা মন্দ ৰোগীৰ পথ্যৰূপে ব্যৱহাৰ কৰা হয়। মগু বাতনাশক হোৱা বাবে বিভিন্ন স্নায়বিক ৰোগত খোৱা ঔষধ আৰু মালিছ কৰা তেলত মগুমাহ উপাদান হিচাবে ব্যৱহাৰ কৰা হয়।
প্ৰতিদিনে ৫০ গ্ৰাম গাজী মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ উপৰিও বাৰ্ধক্য চাপৰ পৰা ৰক্ষা পৰে। গাজীমগু সদায় খালেও কোনো অপকাৰ নকৰে, বৰং উপকাৰী।
(১) গাজীমগুত আহ, শৰ্কৰা, ভিটামিন-ই, প্ৰোটিন আদি প্ৰমুখ্যে ভালেমান পোষক দ্ৰব্য থকা বাবে আমাৰ শৰীৰৰ পুষ্টিসাধন কৰিব পাৰে।
(২) গাজীমগু এন্টিবেক্টেৰিয়েল আৰু এন্টিমাইক্ৰবিয়েল গুণসম্পন্ন হোৱা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হৈ আমক নিৰোগী কৰি ৰাখিব পাৰে।
(৩) গাজীমগুৰ বাকলিত যথেষ্ট পৰিমাণে আহ থাকে। সেয়েহে গাজীমগু খালে খাদ্যনলী ভালদৰে পৰিস্কাৰ হয়, শৌচ খোলোচা হয়, শক্তি পোৱা যায়। কোষ্ঠকাঠিনতা আৰু ডায়েবেটিচ ৰোগীৰ কাৰণে উপকাৰী। প্ৰায়েই শৰ্কৰা অভাৱত ডায়েবেটিচ ৰোগীৰ কোষ্ঠকাঠিনতা হোৱা দেখা যায়, গাজীমগুৰ বাকলিত থকা আহ শৰ্কৰাই ডায়েবেটিচ ৰোগীৰ কোনো ধৰণৰ ক্ষতি নকৰে।


(৪)গাজীমগু খালে উচ্চ ৰক্তচাপ কমাই স্বাভাৱিক অৱস্থালৈ আনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।
(৫) মেদবহুলতা ব্যক্তিয়ে গাজীমগু খালে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস পায়। গাজীমগুত যথেষ্ঠ পৰিমাণে আহ থকা বাবে খোৱাৰ পিছত ভোক কমকৈ লাগে আৰু দ্বিতীয়বাৰ অলপ আহাৰ খালেই ভোক গুছে। এইদৰেই আহাৰৰ পৰিমাণ কমাৰ পৰিপ্ৰেক্ষিতত পৰোক্ষ ভাৱে শৰীৰৰ মেদবহুলতা কমোৱাত সহায় কৰে। কিন্তু শৰীৰৰ খতিসাধন নকৰে।
(৬) গাজীমগু খালে চুলিৰ গুৰি শক্তিশালী হোৱা বাবে চুলি সৰাত বাধা দিয়াৰ উপৰিও চুলি ঘণ আৰু কলা হোৱাত সহায় কৰে। তাৰোপৰি আঙুলি নখবোৰ অধিক পৰিমাণে সুদৃঢ় আৰু মসৃণ কৰে।
(৭) গাজীমগু খালে চাল নিমজ আৰু উজ্জ্বল হয়, চৰ্মৰোগ হোৱাটো ৰোধ কৰে।
(৮)ভিটামিন-ই অভাৱৰ কাৰণে বয়সীয়াল সকলৰ স্নায়বিক আৰু মাংস পেশীৰ বিষ হয়। গাজীমগু সদায় কিছুদিন খালে এনেধৰণৰ বিষ নোহোৱা হয়, কাৰণ গাজীমগুৰ গাজত যথেষ্ট পৰিমাণে ভিটামিন-ই আছে।
(৯) গাজীমগুত থকা প্ৰাকৃতিক ভিটামিন-ই উচ্চমানবিশিষ্ট ভিটামিন। পুৰুষ আৰু স্ত্ৰীহৰমন (প্ৰজেষ্টেৰণ, এষ্ট্ৰোজেন) উৎপাদন, নি:সৰণ আৰু সঞ্চালনত ভিটামিন-ই য়ে প্ৰত্যক্ষ ভাৱে সহায় কৰে। এই হৰমন তাৰতম্য হলে মহিলা গৰ্ভৱতী হব নোৱাৰে , ক্লৈবতা আৰু বন্ধ্যাত্ব হয়। গাজীমগু সদায় খালে এই ৰোগ নিৰাময়ৰ হয় আৰু মহিলা গৰ্ভৱতী হোৱাত সহায় কৰে।
(১০) গাজীমগুৰ লগত ৫-৬ টামান খেজুৰ আৰু ১০-১৫ টামান কিচমিচ সদায় খালে পুৰুষৰ শুক্ৰ উৎপাদন বৃদ্ধি হয় কাৰণে গাজীমগু শুক্ৰহীন অথবা কম শুক্ৰ থকা পুৰুষৰ কাৰণে বহু উপকাৰী‌।
(১১) সেইদৰে গাজীমগুৰ লগত খেজুৰ আৰু কিচমিচ খালে মহিলাৰ ডিম্বাশয়ত ডিম্বৰ গঠন আৰু বিকাশ স্বাভাৱিক হয়‌ । যিসকল মহিলাৰ ডিম্ব ভালদৰে পুৰঠ আৰু বিকাশ নোহোৱা বাবে সন্তান জন্ম দিব পৰা নাই, সেই সকল মহিলাই সদায় গাজীমগুৰ লগত খেজুৰ আৰু কিচমিচ খাওক।
(১২) গৰ্ভৱতীৰ বাবে গাজীমগু আৰু খেজুৰ বহুত উপকাৰী। গৰ্ভৱতীয়ে গাজীমগু আৰু খেজুৰ খালে গৰ্ভপাত হোৱাৰ সম্ভাৱনা নাথাকে, প্ৰসৱৰ সময়ত ৰক্তক্ষৰণ কমকৈ হয়, প্ৰসৱ বেদনা কম হয়, সন্তান প্ৰসৱ স্বাভাৱিক ভাৱে হয়, স্বাস্থ্যৱান সন্তান জন্ম দিয়াৰ উপৰিও গৰ্ভৱতীৰ সুস্বাস্থ্য অটুট থাকে।
#সংগ্ৰহীত

No comments:

Post a Comment

Adbox