Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Sunday, March 24, 2019

সতীদাহ প্ৰথাৰ বিষয়ে জানো আহক

সতীদাহ প্ৰথা

স্বামীৰ মৃত্যুৰ পাছত তেওঁৰ বিধবা পত্নীক বহু পৰিমানে ভাঙ আৰু ধতুৰা খোৱাই নিচাত উন্মত্ত কৰি লোৱা হয়। যেতিয়া সকলো শ্মশানলৈ যায়, কেতিয়াবা তেওঁ হাঁহে, কেতিয়াবা কান্দে আৰু কেতিয়াবা মাটিত বাগৰি শুই দিয়ে, তথাপিও পুৰুষ প্ৰধান সমাজখনে জোৰ-জুলুম কৰি তেওঁক লগত লৈ যায় দাহ কৰিবলৈ। এইয়াই সতীদাহ প্ৰথা ৷

তাৰপিছত তেওঁক মৃত স্বামীৰ লগত চিতাত তুলি দিয়া হয় আৰু এডাল কেঁচা বাঁহেৰে কপকপীয়াকৈ বান্ধি দিয়া হয়। যাতে মহিলাগৰাকীয়ে জ্বলি যোৱাৰ যান্ত্ৰনা সহিব নোৱাৰিলেও চিতাৰ পৰা উঠি আহিব নোৱাৰে। চিতাত অত্যাধিক পৰিমাণে ঘিউ আৰু চন্দন, ধূপ-ধূনা দিয়া হয় যাতে কোনেও নেদেখাকৈ ধুৱঁলি-কুৱলি হৈ পৰে, কিয়নো সেই দৃশ্য চোৱাটো অত্যন্ত ভয়ানক হয়।

অগ্নি দিয়াৰ পাছৰে পৰা সমস্ত ঢোল, খোল, কৰতাল, শংখ বজাই দিয়া হয় যাতে কোনেও বিধৱা গৰাকীৰ যন্ত্ৰনাকাতৰ চিঞৰ, কন্দা-কটা, অনুনয়-বিনুনয় শুনিবলৈ নাপায়।

এইয়াই 'সহমৰণ'... সতীদাহ...

সতীদাহ প্ৰথাৰ পৰা সমাজখনক উদ্ধাৰ কৰা লৰ্ড উইলিয়াম বেন্টিক আৰু ৰাজা ৰামমোহন ৰায়ক আজি শতকোটি প্ৰণাম জনালো

No comments:

Post a Comment

Adbox