Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Sunday, April 14, 2019

Gamusa (অসমীয়া জাতিৰ জাতীয় প্ৰতীক গামোচা)

গামোচা:-
“ৰাতি দুপৰলৈ কাটি সূতালাহী
ধনলৈ বিহুৱান ব’লো,
ৰঙাকৈ আঁচুৰে বাছি পানে বটা
টিপতে লুকুৱাই থলো”।।
গামোচাৰ ইতিহাস বহু পুৰনি। অসমীয়া জাতিৰ জাতীয় সত্বাৰ প্ৰতীক গামোচা পুৰনি কামৰূপ ৰাজ্যৰ ৰজা ভগদত্তই অসমীয়া শিপিনীৰ এই বুতা বচা গামোচা খন তৈয়াৰ কৰি উলিয়াৰ পৰা বৰ্তমান এতিয়ালৈকে ব্যৱহাৰ হৈ থকা গামোচাখন ইতিহাসৰ পৰাই এক গৌৰৱজ্জল অধ্যায়। পৰম্পৰাগত ভাৱে গামোচা অসমীয়া সমাজে ব্যৱহাৰ কৰা অৰ্থাৎ গাধোৱাৰ পাছত গা মচিবৰ বাবে ব্যৱহাৰ কৰে যদিও ই অসমীয়া জাতিৰ বাবে সম্ভাৰন সূচক সন্মান আৰু প্ৰেম ভালপোৱাৰ প্ৰতীক হিচাবে পৰিচয় বহন কৰে। এই আপুৰুগীয়া সম্পদ বিধক ব্যৱহাৰিক আৰু বাহ্যিক দিশৰ পৰা বিভিন্ন ভাগত নামাকৰণ কৰা হৈছে। উদাহৰণ স্বৰূপে:- বিহুৱান, উকাঁ গামোচা, তিয়নী গামোচা, গোসাঁইৰ থাপনা গামোচা, অনাকটা গামোচা আৰু দৰা বৰণ গামোচা ইত্যাদি ইত্যাদি।

বিহুৱান গামোচা:-
এই বিহুৱান খন সবাতোকৈ আদৰনীয় আৰু সম্ভাষণ সূচক। বিহুৰ দিনা আপোন আৰু জ্যেষ্ঠ জনক সম্ভাষণ জনাবলৈ গামোচা খনেই শ্ৰেষ্ঠৰ শাৰীত পৰে। এই গামোচা খনত চেনেহ আছে, শ্ৰদ্ধা আছে আৰু আছে সাগৰৰ গভীৰতাৰ দৰে আন্তৰিকতা। প্ৰেমিকাই প্ৰেমিকক দিয়া শ্ৰেষ্ঠ উপহাৰ হিচাবে দিবলৈ অধীৰ আগ্ৰহেৰে বহু দিনৰ আগৰ পৰাই শিপিনীয়ে বোৱাৰ প্ৰস্তুতি চলায়। অসমৰ আপুৰুগীয়া প্ৰকৃতি তথা সংস্কৃতিৰ চানেকীৰে গামোচাত ৰঙাসূতাৰে ফুল বাচে তাঁত শালত ৰঙা আঁচেৰে বিহুৱান খনি।
উঁকা গামোচা:-

সাধাৰণতে অসমীয়া লোকে গা ধোৱাৰ পিছত গা-মচিবৰ বাবে ব্যৱহাৰ হয়। এই গামোচাত কেঁচা সূতাৰে বোৱা দুয়োপাৰিত ৰঙা, সেউজীয়া সূতা ব্যৱহাৰ হয় ই অতি প্ৰয়োজনীয় আৰু প্ৰচলিত অসমীয়া সমাজত বহুল ভাৱে উপযোগী।
তিয়নী গামোচ:-
এই গামোচা মজলীয়া কেঁচা সূতাৰে তৈয়াৰ কৰা হয়। মুটা সূতা প্ৰয়োগ কৰা আৰু আঠুৰ ওপৰত পৰা এই গামোচাখন সাধাৰণতে নামনি অসমত বহুল ভাৱে প্ৰচলিত। তেওঁলোকে ঘৰতে পৰিধান কৰে আৰু গা-ধোৱাৰ সময়ত পিন্ধে বাবে তিয়নী গামোচা বুলি জনাজাত।
গোঁসাই থাপনাৰ গামোচা:-
এই গামোচাখন গোঁসাই থাপনাত ব্যৱহাৰ উপযোগী ৰঙা সূতা, সেউজীয়া সূতাৰে ধৰ্মীয় নানা চিহ্ন চানেকীৰে বৈ উলিওৱা গামোচা খনক লৈ শিপিনীৰ বাবে সৌভাগ্য ও গৌৰাম্বিতও।
অনাকটা গামোচা:-
এই গামোচাখন নামনি অসমতে বহুল ভাৱে প্ৰচলিত। এৰাতিতে বৈ উলিওৱা গামোচাখনৰ বৈশিষ্ট হৈছে বিয়াৰ দিনা ধৰ্মীয় কাম কৰোতে দৰাই গাত লৈ থাকিলে বিবাহ কাৰ্য্যত কোনো ধৰণৰ অপায় অমঙ্গলৰ সন্মোখীন নহয় বুলি ধাৰণা কৰা হয়।

দৰা বৰণ গামোচা:-

অসমীয়া জীয়ৰী বোৱাৰীয়ে অতি হেপাহেৰে বৈ উলিওৱা দৰা বৰণৰ গামোচাখন পৰম্পৰাগত ভাৱে বিবাহৰ দিনা ব্যৱহাৰ হয়।
অসমীয়া জাতিৰ গামোচাখন যে কেৱল অসমীয়াই ব্যৱহাৰ কৰে এনে নহয় অনা অসমীয়াইও ইয়াক আগ্ৰহেৰে গ্ৰহণ কৰে। অতীজৰে পৰা গামোচাখন ব্যৱসায় দিশত লাভৱান যদিও বাহিৰৰ পৰা বহিৰাগত ব্যৱসায়ী সকলে গামোচাখন বিকৃত কৰি ঠেক চুটি হিচাবে তৈয়াৰ কৰি আন্তৰাষ্ট্ৰীয় বজাৰৰ দখলত প্ৰাচীৰ হৈ থিয় দিছে। অলপতে খবৰ উলাইছিল যে গামোচা বাহিৰৰ পৰা অহাটো বন্ধ হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিচতো কাৰ্য্যক্ষেত্ৰতো হোৱা হ’লে অসমৰ শিপিনীৰ বাবে সু-খবৰ হ’লহেতেন। কিন্তু অসমৰ এই বস্ত্ৰশিল্পক জীয়াই ৰাখিবলৈ চৰকাৰ, জনগন সকলোৰে সহযোগিতাৰ প্ৰয়োজন নহলে এই সম্পদো বিলুপ্তী হ’বলৈ বেছিদিন নালাগিব।

No comments:

Post a Comment

Adbox