Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Monday, March 16, 2020

‌ঈগল চৰাইৰ ৰজা -

🦅🦅ঈগল🦅🦅

চল্লিচ বছৰৰ পিছত ঈগল চৰাই বুঢ়া হয়। তাৰ ভৰিৰ তীক্ষ্ণ নখবোৰ ক্ষয় গৈ ভোতা হয়।  তলৰ ঠোঁটটো ক্ষয় যাই, মাংস আজুৰি চিঙিব নোৱাৰা হয়। দেউকাৰ পাখি বোৰ অকামিলা হয়। বহু ওপৰলৈ আৰু দেৰিলৈকে উৰিব নোৱাৰা হয়।

তেতিয়া ঈগলৰ সমূখত দুটা ৰাস্তা থাকে। প্ৰথমটো সহজ পথ, বেলেগৰ চিকাৰৰ ৰোৱা থোৱা খাই জীয়াই থকা। তাকো ঠোঁটটোৰ অসুবিধাৰ বাবে অলপ গেলিবলৈ অপেক্ষা কৰিব লগাহয়। এনেদৰে সহজে খাদ্য গ্ৰহণৰ দ্বাৰা সিহঁতে আৰু ৪/৫বছৰ জীয়াই থাকিব পাৰে।

কিন্তু ঈগল ঈগলেই। সেয়ে দ্বিতীয় ৰাস্তা যিটো ভাবিব নোৱাৰা কঠিন সেইটো বাছি লয়।

দ্বিতীয় ৰাস্তা মতে ১০০ দিনৰ কঠোৰ পন্থা গ্ৰহণ কৰে।

 প্ৰথমে সিহঁতে তলৰ ঠোঁটটো শিলত খুন্দিয়াই ভাঙি পেলায়। তেতিয়া এমাহৰ পৰা চল্লিচ দিনৰ ভিতৰত নতুনকৈ গজি উঠে তলৰ ঠোঁটটো। একদম ধাৰাল চোকা নতুন ঠোঁট। এই ঠোঁট ভঙাৰ পৰা গজালৈ সিহতে পানীৰ বাদে একো নাখায়। অত্যন্ত দুৰ্বল হৈ পৰে।

তাৰ পিছত শিলত খুন্দিয়াই ভোতা নখবোৰ ভাঙি পেলায়। ৩০/৪০দিনৰ ভিতৰত নতুন  নখ গজে। চুৰিৰ দৰে তীক্ষ্ণ নখবোৰ গজাৰ আগলৈ সিহঁতে পানী আৰু মুখৰ আগত পোৱা এন্দুৰ, জেঠী, ইত্যাদি যি পাই তাকেই খায়। কিন্তু চিকাৰত নাযায়।

দ্বিতীয় ৰাস্তাৰ তৃতীয় তথা অন্তিম পৰ্ব হৈছে দেউকাৰ পাখি সমূহ ঠোটেৰে আজুৰি আজুৰি উভালি পেলায়। অত্যন্ত যন্ত্ৰণাদায়ক এই অপাৰেচন চলায় ঈগলটো মুমুৰ্ষু অৱস্থাত পৰে। তেতিয়া তাক কোনোবাই অনায়াসে চিকাৰ কৰিব পাৰে। মানে সি জীৱন-মৃত্যু দুয়োটা দেখি থাকে। এনেদৰে ২০/২৫ দিন থকাৰ পিছত তাৰ দেউকাৰে সি উৰিব পৰা হয়। অৰ্থাত সি পুণৰ যৌৱন লাভ কৰে।

কিন্তু দ্বিতীয় ৰাস্তাটো কিয় লয় জানেনে ? প্ৰথম ৰাস্তাটোত তাৰ আয়ুস থাকে ৪/৫বছৰ। দ্বিতীয় পথেৰে সি সফল হোৱাৰ পিছত পুণৰ ত্ৰিশ বছৰ জীয়াই থাকিবলৈ সফল হয়। অৰ্থাৎ তাৰ আয়ুস ৭০বছৰ হয়।

হাজাৰ যন্ত্ৰণা সহ্য কৰি হলেও ঈগলে চিকাৰ কৰি খাব, নহলে মৰি যাব কিন্তু বাহী বা উচ্ছিষ্ট নাখায়।

কাৰণ সি ঈগল হয়, "ঈগল"। ৰজা চৰাইৰ ৰজা।🦅🦅🦅🦅🦅

No comments:

Post a Comment

Adbox