Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Wednesday, April 7, 2021

কোভিড ভেকচিন লোৱাৰ পাছত ল’বলগীয়া সাৱধানতা সমূহ

বিশ্বজুৰি ক’ৰোনা সংক্ৰমণৰ ঘটনা পুনৰ তীব্ৰ গতিত বৃদ্ধি পাইছে। সমান্তৰালকৈ তীব্ৰ গতিত চলি আছে কোভিড ভেকচিনেচন প্ৰক্ৰিয়া। আপুনি যদি প্ৰতিষেধক ল’লে বা লোৱাৰ কথা ভাবিছে, তেন্তে মনত ৰাখিব কেইটামান অতি গুৰুত্বপূৰ্ণ কথা। অন্যথা প্ৰতিষেধকৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে আপোনাৰ শৰীৰত।

ক্ষন্তেক পাছতেই কামত নধৰিবঃ কোভিড ভেকচিন লোৱাৰ পাছত তৎক্ষণাত কামত নধৰিব। ভেকচিন লোৱাৰ পাছত কমেও ২-৩ দিন আৰাম কৰা উচিত। অন্যথা প্ৰতিষেধকৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে আপোনাৰ শৰীৰত।

জনসমাগমৰ পৰা দূৰত থাককঃ যদি আপুনি প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে তেন্তে জনসমাগম হোৱা স্থানৰ পৰা দূৰত থাকক। দুইপালি প্ৰতিষেধক গ্ৰহণ নকৰা পৰ্যন্ত সুৰক্ষাৰ দিশটোত অধিক গুৰুত্ব প্ৰদান কৰা উচিত।

যাত্ৰা কৰাৰ পৰা আঁতৰি থাককঃ ক’ৰোনাৰ সংক্ৰমণ পুনৰ তীব্ৰ গতিত বৃদ্ধি পাইছে। এনে পৰিপ্ৰেক্ষিতত ভেকচিন লোৱাৰ পাছত যাত্ৰা কৰা অনুচিত। আমেৰিকাৰ CDC গাইডলাইন অনুসৰিও ভেকচিন লোৱাৰ পাছত যাত্ৰা কৰাৰ পৰা বিৰত থাকিব লাগে।

সুৰাপান নকৰিবঃ আপোনাৰ যদি চিগাৰেট অথবা সুৰাপান কৰাৰ অভ্যাস আছে, তেন্তে ভেকচিন লোৱাৰ কিছুদিন পাছলৈকে এনে অভ্যাসৰ পৰা দূৰত থাকক। ইয়াৰোপৰি, ভজা-পোৰা খাদ্যও খোৱাৰ পৰা আঁতৰি থাকক।

চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰকঃ যদি আপোনাৰ কোনোধৰণৰ এলাৰ্জিৰ সমস্যা আছে তেন্তে ভেকচিন লোৱাৰ পিছত অধিক সাৱধানতা গ্ৰহণ কৰা উচিত। ভেকচিন লোৱাৰ  পিছত শৰীৰত তেনে কোনো সমস্যাই দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

বাহিৰলৈ ওলোৱাৰ সময়ত মাস্ক পৰিধান কৰকঃ ভেকচিন লোৱাৰ পাছতো মাস্ক পৰিধান কৰাটো সিমানেই গুৰুত্বপূৰ্ণ, যিটো ভেকচিন লোৱাৰ পূৰ্বে গ্ৰহণ কৰা উচিত। ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰাৰ পাছতো শৰীৰত এণ্টিবডি উৎপন্ন হয়। গতিকে সাধাৰণ অসাৱধানতাৰ বাবে ভেকচিন লোৱাৰ পাছতো আপুনি আক্ৰান্ত হ’ব পাৰে ক’ৰোনাত।

হাইড্ৰেটেড থাককঃ ভেকচিন লোৱাৰ ক্ষন্তেক পাছত আৰু কিছুদিনলৈ প্ৰয়োজনীয় মাত্ৰাত পানী খাব লাগে। খাদ্যৰ তালিকাত প্ৰচুৰ পৰিমানে ফল-মূল, শাক-পাচলি আৰু বাদাম জাতীয় খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে।

ব্যায়াম কৰা অনুচিতঃ ভেকচিন লোৱাৰ পাছত হাতত বিষ অনুভৱ হোৱাটো স্বাভাৱিক। গতিকে ভেকচিন লোৱাৰ কিছুদিন পাছলৈকে জিম অথবা কোনো ধৰণৰ ব্যায়াম কৰিব নালাগে। অন্যথা হাতৰ বিষ বাঢ়ি যাব পাৰে।

1 comment:

  1. Thanks for The Great Content Sir, I will also share with my friends
    Mp Govt Jobs

    ReplyDelete

Adbox