Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Wednesday, January 12, 2022

মৃত্যুৰ ১৩ দিনলৈকে আত্মাটোৰ লগত কি হয় জানি লওঁক - Soul After Death Human

বন্ধুসকল আমি সকলোৱে জানো যে পৃথিৱীত যিয়ে জন্ম লৈছে এদিন নহয় এদিন নিজৰ নশ্বৰ শৰীৰটো এৰি যাবই লাগিব।


এই সৃষ্টিত আটাইতকৈ ডাঙৰ সত্যতো হৈছে আমাৰ মৃত্যু যাক কোনেও ইচ্ছা কৰি বাধা দিব নোৱাৰে।  যেতিয়া হিন্দু ধৰ্মত কোনো মানুহৰ মৃত্যু হয় তেতিয়া তেওঁৰ নিয়ম অনুসাৰে শ্ৰাদ্ধ পতা হয় ( সকলোৰে নিয়ম অনুসাৰে কিছুমানে ১৩ দিনত কিছুমানে  নিজৰ নিয়মৰ মতে শ্ৰাদ্ধ পাতে) ।  আপোনালোকে কেতিয়াবা ভাবিছে নে শ্ৰাদ্ধৰ পাছত মৃতকৰ আত্মাটো কলৈ যায় আৰু তাৰ পাছত আত্মাৰ লগত কি কি হয়?  যদি এই বিষয়ে জানিব বিচাৰে তেন্তে আজিৰ এই লিখাটো ভালদৰে পঢ়ি চাওক। গৰুড় পুৰাণত উল্লেখ আছে যে মৃত্যুৰ পাছত আত্মাটো ১৩ দিনলৈকে সেই ঠাইত থাকে যত তেওঁ শৰীৰ ত্যাগ কৰিছিল।

 মৃত্যুৰ ১৩ দিনলৈকে আত্মাটোৰ লগত কি হয় জানে নে?  গড়ূৰ পুৰাণৰ মতে  শৰীৰত উপস্থিত থকা ওৰ্যা যাক আমি আত্মা বুলি কওঁ ই কেতিয়াও নষ্ট নহয়। ই কেৱল ৰূপান্তৰিত হয় অৰ্থাৎ এটা শৰীৰ ত্যাগ কৰি আন এটা শৰীৰত ধাৰণ কৰে। এই আত্মাৰূপী ওৰ্যা শৰীৰৰ পৰা  ওলাই তেতিয়া ই কুঁৱলীৰ দৰে হয় আৰু ইয়াৰ আকাৰ আগত থকা শৰীৰটোৰ দৰেই হয়। মৃত্যুৰ কিছু সময়লৈকে এই আত্মাই বহুত অজিব অনুভৱেৰে পাৰ হবলগা হয় যি আত্মাৰ বাবে দুখজনক আৰু কষ্টদায়ক হয়।  মৃত্যুৰ পাছত আত্মা শৰীৰৰ পৰা ওলাই কিছুসময়লৈকে অচেতন অৱস্থাত থাকে। তাৰ পাছত আত্মাৰ এনে অনুভৱ হয় যেন তেওঁ কঠিন পৰিশ্ৰমেৰে ভাগৰি পৰা এজন মনুষ্যই গভীৰ নিদ্ৰাত কৰে। কিন্তু কিছুসময়ৰ ভিতৰতে ই অচেতনৰ পৰা সচেতন হৈ পৰে আৰু উঠি থিয় হৈ যায়। তাৰ পাছত আত্মাটোৱে নিজৰ সম্বন্ধীয় লোকসকলক মাত লগাই কিন্তু তেওঁৰ শব্দ , মাত কোনেও শুনি নাপায়। ইয়াৰ ফলত আত্মাটো চটফটাবলৈ ধৰে আৰু চিন্তিত হৈ সকলোকে কিবা কব খোজে কিন্তু কোনেও শুনি নাপায় কিয়নো ই অভৌতিক ধ্বনি হয়। মানুহে কেৱল ভৌতিক বস্তুবোৰহে অনুভৱ কৰিব পাৰে। বহুত বছৰ শৰীৰত থকাৰ বাবে যি সাংসাৰীক মায়াৰ আৱৰণ আত্মাটোৰ ওপৰত পৰে তাৰ বাবে আত্মা দুখী হৈ নিজৰ মৃত শৰীৰটো আৰু সম্বন্ধীয় লোকসকলক দেখি তেওঁলোকৰ লগত কথা পাতিব বিচাৰে কিন্তু তেওঁৰ প্ৰয়াস বিফল হয়। আত্মাটোৱে পুনৰ নিজৰ শৰীৰটোত প্ৰৱেশ কৰাৰ চেষ্টা কৰে কিন্তু যমৰ দূতে তেওঁক শৰীৰত প্ৰৱেশ কৰিব নিদিয়ে।


লাহে লাহে ব্যক্তিজনৰ আত্মাটোৱে এইটো স্বীকাৰ কৰি লয় যে এতিয়া এই পৃথিৱীৰ পৰা যোৱাৰ সময় আহি পৰিছে আৰু সেইবাবে মোহ মায়াৰ বন্ধন কমজুৰ হব ধৰে আৰু তেওঁ এই সংসাৰৰ পৰা বিদায় লবলৈ সাজু হয়। বন্ধুসকল, গড়ূৰ পুৰাণত এইটোও উল্লেখিত আছে যে মৃত্যুৰ পাছত আত্মাতোক যমৰ দূতে কেৱল ২৪ ঘণ্টাৰ বাবেহে লৈ যায়। এই ২৪ ঘণ্টাত আত্মাটোক তেওঁ কিমান পাপ আৰু কিমান পূণ্য কৰিলে সেই বিষয়ে দেখুৱা হয়। তাৰ পাছত আত্মাটোক পুনৰ সেইখন ঘৰত এৰি দিয়া হয় যত তেওঁ শৰীৰটো ত্যাগ কৰিছিল। ১৩ দিনলৈকে আত্মাটো তাতেই থাকে আৰু ১৩ দিনৰ পাছত পুনৰ যম দূতে আহি লৈ যায়।এই সময়ছোৱাত মৃতকৰ পৰিয়ালৰ লোকে নিয়মিত ৰূপত পিণ্ড দান কৰে । গড়ূৰ পুৰাণৰ মতে মৃত্যুৰ পাছত যি ১০ দিনলৈকে পিণ্ড দান কৰা হয় তাৰ পৰা মৃত আত্মাৰ বিভিন্ন অংগৰ তৈয়াৰ হয়। ১১ আৰু ১২ দিনৰ পিণ্ড দানৰ পাছত শৰীৰত মাংসপেশী আৰু ছালৰ সৃষ্টি হয়। তাৰ পাছত ১৩ দিনত যেতিয়া মৃতকৰ নামত পিণ্ড দান কৰা হয় তাৰ পৰাই তেওঁ যমলোকলৈ যাত্ৰা কৰে। পিণ্ড দানৰ ফলত আত্মাটোয়ে বল পায় আৰু তেওঁ নিজৰ ভৰিত থিয় হৈ মৃত্যুলোকৰ পৰা যমলোকলৈ যাত্ৰা কৰে। এই যাত্ৰা কাল ১ বছৰৰ হয়। এনে কিছুমান মান্যতা আছে যে ১৩ দিনত যি পৰিয়ালৰ লোকে পিণ্ড দান কৰে সেইয়া ১ বছৰলৈকে মৃত আত্মাটোয়ে ভোজনৰ ৰূপত লাভ কৰে ।


লগতে এইটোও মানি লোৱা হয় যে ১৩ দিনত অন্তত ১৩ জন ব্ৰাহ্মণক ভোজন কৰালে  আত্মাই প্ৰেতযোনিৰ পৰা মুকটি লাভ কৰে।  যি মৃতকৰ আত্মাৰ নামেৰে পিণ্ড দান কৰা নহয় তেওঁক ১৩ দিনত যম দূতে যমলুকলৈ টানি চুচৰাই লৈ যায়। এনে স্থলত  আত্মাটোয়ে বহুত কষ্টৰ সন্মুখীন হবলগা হয় সেইবাবে মৃতকৰ আত্মাৰ শান্তিৰ বাবে ১৩ দিনৰ পিণ্ড দান অতি জৰুৰী বুলি মনা হয়। যেতিয়াই কোনো মানুহৰ মৃত্যু হয় আৰু আত্মাই শৰীৰ ত্যাগ কৰি যাত্ৰা আৰম্ভ কৰে তাত তেওঁ তিনি প্ৰকাৰৰ মাৰ্গ পায়। 

"অৰচি মাৰ্গ, ধুম মাৰ্গ আৰু উৎপত্তি বিনাশ মাৰ্গ।"  অৰচি মাৰ্গ দেবলোক আৰু ব্ৰহ্মলোকৰ যাত্ৰাৰ বাবে হয়। ধুম মাৰ্গ পিত্তলোকৰ যাত্ৰাৰ বাবে আৰু উৎপত্তি বিনাশ মাৰ্গ নৰকৰ যাত্ৰাৰ বাবে। অৱশ্যে যিকোনো মাৰ্গৰ মাজেৰে যাত্ৰা কৰা আত্মাই তাত ভিন্ন লোকত থকাৰ পাছত পুনৰ পৃথিৱীলৈ আহিব লগা হয়। গৰুড়ৰ পুৰাণৰ উপৰিও  যৰ্জুবেদত কোৱা হৈছে যে শৰীৰ ত্যাগ কৰাৰ পাছত যিসকলে তপ ধ্যান কৰিছে তেওঁলোক ব্ৰহ্মলোকলৈ গুচি যায়। কিছু সৎকৰ্ম কৰা লোক স্বৰ্গলৈ যায় অৰ্থাৎ তেওঁলোক ধ্ৰুৱ হৈ যায়। আৰু ৰাক্ষসৰ দৰে কৰ্ম কৰা মানুহ  প্ৰেত যোনিত অনন্ত কাললৈ  ঘূৰি ফুৰে আৰু কিছুমানে পুনৰ পৃথিৱীত জন্ম গ্ৰহণ কৰে। জন্ম লোৱা সকলো যে কেৱল মনুষ্য ৰপতেই জন্ম লব তেনে নহয় ইয়াৰ পূৰ্বে এই সকলো পিত্তলোকত আছিল।

আমি আজি এই লেখাটোৰ জৰিয়তে মৃতকৰ শ্ৰাদ্ধৰ বিষয়ে জনাৰ লগতে এইটো ও গম পালোঁ যে ১৩ দিনলৈকে আত্মাটোৰ লগত কি কি ঘটনা ঘটে।

 এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - www.asomiyagfx.in

No comments:

Post a Comment

Adbox