Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Tuesday, August 30, 2022

Jio AirFiber Jio Cloud PC ঘোষণা কৰিলে ২Gbps ইণ্টাৰনেট স্পীড

ৰিলায়েন্স এজিএম ২০২২ত কোম্পানীটোৱে ঘোষণা কৰিছে ছুপাৰফাষ্ট বেতাঁৰ ইণ্টাৰনেট সেৱা জিঅ’ এয়াৰ ফাইবাৰ। ইয়াৰ লগতে কোম্পানীটোৱে ভাৰ্চুৱেল জিঅ’ ক্লাউড পিচিও ঘোষণা কৰিছে।


ৰিলায়েন্স এজিএম ২০২২ত কোম্পানীটোৱে ঘোষণা কৰিছে জিঅ’ এয়াৰফাইবাৰ, যাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ২জিবিপিএছ পৰ্যন্ত ছুপাৰফাষ্ট ইণ্টাৰনেট সেৱা লাভ কৰিব। কোম্পানীটোৰ এই বেতাঁৰ সেৱাই 5G নেটৱৰ্কত কাম কৰিব। এই সেৱা ব্যৱহাৰ কৰিবলৈ কোম্পানীয়ে ঘৰতে বা অফিচত Jio AIRFIBER বেতাঁৰ ডিভাইচ ইনষ্টল কৰিব লাগিব। ই হ’ব এটা পৰ্টেবল ডিভাইচ যাৰ সহায়ত ব্যৱহাৰকাৰীয়ে নিজৰ স্মাৰ্টফোন, লেপটপ, স্মাৰ্ট টিভি বা অন্যান্য ডিভাইচ সংযোগ কৰিব পাৰিব। ইয়াৰ উপৰিও কোম্পানীটোৱে Jio Cloud PC ৰ কথাও ঘোষণা কৰিছে, যিটো এটা কোৱাড ভিত্তিক ভাৰ্চুৱেল পিচি হ’ব।

কোম্পানীটোৱে ৪৫ সংখ্যক বাৰ্ষিক বৈঠকত Jio True 5G সেৱাও ঘোষণা কৰিছে। কোম্পানীটোৱে 4G সেৱা মুকলি কৰাৰ লগতে JioFi ঘোষণা কৰিছিল।


Jio AirFiber


জিঅ’ফাইৰ এডভান্স ভাৰ্চন হিচাপে কোম্পানীটোৱে প্ৰৱৰ্তন কৰিছে জিঅ’ এয়াৰফাইবাৰ। এই বেতাঁৰ ব্ৰডবেণ্ড সেৱাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ২জিবিপিএছ পৰ্যন্ত ছুপাৰফাষ্ট ইণ্টাৰনেট লাভ কৰিব। এই বেতাঁৰ হটস্পট ডিভাইচৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে নিজৰ ব্যক্তিগত কম্পিউটাৰ, লেপটপ, স্মাৰ্টফোন, IoT ডিভাইচ সংযোগ কৰিব পাৰিব।

এই বেতাঁৰ হটস্পট সেৱাৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে এণ্ড টু এণ্ড ব্ৰডবেণ্ড সমাধান লাভ কৰিব। কোম্পানীটোৱে দাবী কৰিছে যে Jio AirFiber সহজে ছেটআপ কৰি ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ মূল্য, পৰিকল্পনা আদিৰ সবিশেষ আগন্তুক কেইমাহমানৰ ভিতৰত উপলব্ধ হ’ব।

Jio Cloud PC

ক্লাউড ভিত্তিক পিচি হিচাপে কোম্পানীটোৱে মুকলি কৰিছে জিঅ’ ক্লাউড পিচি সেৱা। ইয়াত ব্যৱহাৰকাৰীসকলে দূৰৱৰ্তী চাৰ্ভাৰ স্থানত দ্ৰুত ৫জি নেটৱৰ্কৰ সুবিধা লাভ কৰিব। কোম্পানীসমূহে এই সেৱাৰ জৰিয়তে নিজৰ একাধিক পিচি সংযোগ কৰিব পাৰিব। কোম্পানীটোৱে দাবী কৰিছে যে ই অৰ্থনৈতিক আৰু ব্যৱহাৰত সহজ হ’ব।

ৰিলায়েন্সৰ এজিএমত কোম্পানীটোৰ অধ্যক্ষ মুকেশ আম্বানীয়ে জিঅ’ফাইবাৰৰ সফলতাৰ কথা কৈছে। কোম্পানীটোৱে জনোৱা মতে, সমগ্ৰ দেশতে জিঅ’ই ১১ লাখ কিলোমিটাৰ অপটিকেল ফাইবাৰ স্থাপন কৰিছে। দেশৰ প্ৰতি তিনিজন ব্যৱহাৰকাৰীৰ ভিতৰত দুজনে ব্যৱহাৰ কৰে জিঅ’ৰ FTTH (Fibre To The Home) সেৱা। ফিক্সড ব্ৰডবেণ্ড গ্ৰহণৰ ক্ষেত্ৰত দেশখনে ১৩৮ নম্বৰ স্থান দখল কৰিছে, যিটো শীৰ্ষ দহৰ স্থানলৈ উন্নীত কৰাটো প্ৰয়োজন।




No comments:

Post a Comment

Adbox