Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Saturday, September 30, 2023

১৩০০ বছৰীয়া সেই মাটিৰ কলহ আজিও অক্ষত অৱস্থাত! ভীমে দ্ৰৌপদীৰ বাবে পানী ভৰাইছিল এই পাত্ৰত, ক’ত আছে ভীমৰ সেই কলহ?


বিতস্তা নদীৰ পাৰত আছে শিলেৰে সজা এটা বিশেষ মন্দিৰ। সেই মন্দিৰৰ কাষতেই আছে এটা বিশালকায় মাটিৰ কলহ। স্থানীয়লোকসকলে এই সন্দৰ্ভত কয়, এয়া ‘ভীমে পানী খোৱা কলহ।’ সেই মাটিৰ কলহক লৈ নানান গল্প গাঁথা। জম্মু আৰু কাশ্মীৰৰ বাৰামুল্লাৰ উৰিত আছে দত্তা মন্দিৰ। সেই মন্দিৰৰ কাষতেই বিশালকায় ভীমৰ কলহ। ভীমৰ সেই কলহ আনুমানিক ১৩০০ বছৰ পুৰণি। মাটিৰ তলত প্ৰায় ৫ ফুট গভীৰ এই কলহ। এই কলহৰ পানী কাহানিও নুশুকায়। স্থানীয় লোকে এই সন্দৰ্ভত কয়, ‘যিমান পানী তুলিলেও সেই কলহ নুশুকায়। কলহৰ পানীত ৰোগ প্ৰতিৰোধৰ ক্ষমতাও আছে। স্থানীয়লোকৰ দাবী যে এই পানীত গা ধুলে ছালৰ ৰোগো দূৰ হয়। এই পানী খালে পেটৰ অসুখো দূৰ হয়।’


শ্ৰী নগৰ আৰক্ষীৰ প্ৰাক্তন ডেপুটি কমিছনাৰ শ্বহীদ চৌধুৰীয়ে বিগত বৰ্ষত সামাজিক মাধ্যমত এই ভীম কলহৰ ফটো শ্বেয়াৰ কৰিছিল। তাতেই তেওঁ লগতে লিখিছিল যে, এই মাটিৰ কলহ তৈয়াৰ কৰা মাটিৰ বিশেষ গুণাগুণ আছে। প্ৰায় ১২০ বছৰ পূৰ্বেই এই মাটিৰ কলহ সেই স্থানত উদ্ধাৰ কৰিছিল স্থানীয় লোকে। তাৰ পাছৰে পৰাই এই কলহক লৈ নানান কথা মুখে মুখে বাগৰি আছে। কলহ আৱিষ্কাৰ হোৱাৰ সময়তেই উৰিৰ দত্তা মন্দিৰৰো সন্ধান স্থানীয় লোকে লাভ কৰিছিল। ১৯০০ বছৰৰ আৰম্ভণিৰ ফালে কাশ্মীৰৰ বিভিন্ন স্থানত লাভ কৰা মন্দিৰৰ তথ্যসমূহ নথিবদ্ধ কৰিছিল ব্ৰিটিছ প্ৰত্নতাত্ত্বিক মাৰ্ক অৰেল ষ্টেইনে।


প্ৰত্নতত্ত্ববিদ ষ্টেইনৰ জন্ম কিন্তু ভাৰতত নহয়। ভাৰতীয় নহলেও তেওঁৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি আছিল বিশেষ টান। তেওঁ এগৰাকী সংস্কৃত পণ্ডিতো আছিল। কাশ্মীৰি পণ্ডিত কলহনৰ ‘ৰাজতৰঙ্গিনী’ তেৱেই ইংৰাজীলৈ অনুবাদ কৰিছিল। হাংগেৰীত জন্ম ষ্টেইনে কাশ্মীৰৰ ইতিহাস জানিবলৈ খুবেই আগ্ৰহী আছিল। সেয়ে কাশ্মীৰৰ বিভিন্ন স্থান ভ্ৰমণ কৰি তেওঁ তাৰ স্থাপত্য বিচাৰি উলিয়াবলৈ যত্ন কৰিছিল। বাৰামুল্লা জিলাৰ উৰীৰ কাষত থকা দত্তা মন্দিৰো তেঁৱেই বিশ্বৰ সন্মুখত পৰিচয় কৰায় দিছিল। ১৯১৩ চনত ষ্টুয়াৰ্ট আৰু উদ্ভিদবিদ ৰলফে প্ৰথম সেই দত্ত মন্দিৰৰ প্ৰথম ছবি তুলিছিল।


স্থানীয়লোকসকলে দাবী কৰে যে এই মন্দিৰ তৈয়াৰ কৰিছিল পঞ্চ পাণ্ডৱে। পাহাৰ কাটি নিজ হাতেৰে এই মন্দিৰ নিৰ্মাণৰ কাম কৰিছিল পাণ্ডৱে। মন্দিৰ নিৰ্মাণৰ বাবে শিল কঢ়িয়াই আনিছিল ভীমে। এই মন্দিৰত বিষ্ণুক উপাসনা কৰা হয়। এই মন্দিৰৰ কাষতেই আছে বিশালকায় মাটিৰ কলহটো। কথিত কাহিনী অনুসৰি স্ত্ৰী দ্ৰৌপদী আৰু ভাতৃসকলৰ বাবে বিতস্তা নদীৰ পৰা পানী কঢ়িয়াই আনি এই কলটোতেই ভৰাই থৈছিল ভীমে। তাৰপৰাই তেওঁলোকে দৈনিক কাৰ্য সমাপন কৰিছিল। ভীমে পানী অনাৰ বাবেই এই কলহটোক ভীমৰ কলহ বুলি কোৱা হয়। ১৯৪৭ চনত ভীম কলহৰ কাষত থকা বিশেষ মন্দিৰটো কোনো দুৰ্বৃত্তই ভঙাচিঙা কৰে। মন্দিৰৰ ভিতৰৰ মূৰ্তীও ভাঙি পেলায়। চুৰি হয় বিগ্ৰহৰ গহনাও। ১৯৯২ চনত এই মন্দিৰত আকৌ শিৱৰ বিগ্ৰহ স্থাপন কৰা হয়। এই বিগ্ৰহ স্থাপন কৰে ভাৰতীয় সেনাই। তাৰপাছতেই মন্দিৰত আকৌ পূৰ্বৰ দৰে পূজা অৰ্চনা আৰম্ভ হয়। আৰু সেই ভীমৰ কলহ কিন্তু আজিও সম্পূৰ্ণ অক্ষত অৱস্থাতেই আছে।


No comments:

Post a Comment

Adbox