Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Sunday, February 25, 2024

অসমত মানুহে নিজ হাতেৰে খন্দা এখন নদী ভোগদৈ নদী - Bhugdoi River Jurhat Assam


অসমত মানুহে নিজ হাতেৰে খন্দা এখন নদী আছে। মানুহে হাতেৰে খন্দা অসমৰ একমাত্ৰ নদীখন যোৰহাটত আছে। উজনি অসমৰ এখন সম্পদস্বৰূপ ভোগদৈ নদী। ইতিহাসত উল্লেখ আছে যে স্বৰ্গদেউ গৌৰীনাথ সিংহই (১৭৮০-১৭৯৪) বৃটিছৰ সহায়ত বিদ্ৰোহী মায়ামৰীয়া মৰাণৰ হাতৰ পৰা সাম্ৰাজ্য উদ্ধাৰ কৰাৰ পাছত গড়গাঁও আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। সেই ৰাজধানীৰ কাষতে এখন নৈৰ আৱশ্যকতা বাৰুকৈয়ে অনুভৱ কৰি পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে ভোগ দি দিচৈ নৈ খান্দি আনি যোৰহাটৰ কাষেদি বোৱাই ব্ৰহ্মপুত্ৰত পেলায়। নৈখন খান্দোতে ভোগ দিয়াৰ বাবে এই নৈ খনৰ নাম ভোগদৈ হ’লগৈ।

প্ৰাকৃতিক ভাৱে নহয়, মানৱসৃষ্ট এইখনেই সম্ভৱতঃ একমাত্ৰ নদী। ভোগদৈ নদীৰ ক্ৰমে পূব আৰু পশ্চিমফালে থকা ‘চকীহাট’ আৰু ‘মাছৰহাট’ নামৰ বজাৰ দুখনৰ(যোৰ) পৰাই চহৰখনৰ নাম ‘যোৰহাট’ হৈছিল ৷ এই ভোগদৈ নদীখন হৈছে যোৰহাটৰ বুকুয়েদি বৈ যোৱা একমাত্ৰ মানৱসৃষ্ট নদী। ইতিহাস প্ৰসিদ্ধ এই ভোগদৈক লৈ বহু গীত কবিতাৰ সৃষ্টি হৈছে । কোনো কবিৰ কলমত নিগৰিছিল ‘‘ভোগদৈ নৈৰ পাৰত মালৌ পথাৰ, তাতে কণ ল’ৰাহঁতৰ খেতি।’’

No comments:

Post a Comment

Adbox