নগাঁও জিলাৰ চাপানলা অঞ্চলত অৱস্থিত এক জলপ্ৰপাত
হৈছে চম্পাৱতী জলপ্ৰপাত। এই চম্পাৱতীৰ লগতে জড়িত হৈ আছে বহু লোক কাহিনী। এই জলপ্ৰপাত হৈছে অসমৰ অন্যতম বনভোজস্থলী সমূহৰ ভিতৰত অন্যতম।
এই ঠাইত থকা শুদ্ধ বতাহ, পাহাৰ, জান জুৰি আদিয়ে সকলোৰে আকৰ্ষিত কৰে। মন চুই যোৱা এই ঠাইখন সঁচায়ে যেন এখন সপোনপুৰী। ব্যস্ততাৰে ভৰা এই পৃথিৱীত বহু লোকে শান্তি বিচাৰি এই ঠাইলৈ যায়।চাপানলাৰ উত্তৰ পূব দিশত থকা কাৰ্বি আংলং পাহাৰৰ পৰা এই জলপ্ৰপাতটি বৈ আহিছে।
লোক প্ৰবাদ মতে, হংসধ্বজ ৰজাৰ এগৰাকী কন্যা আছিল। কন্যাগৰাকীৰ নাম আছিল চম্পাৱতী। এই জলপ্ৰপাতৰ তিনিটা কুণ্ডৰ তলৰ কুণ্ডটোত মাঘী সপ্তমীৰ দিনা চম্পাৱতীয়ে স্নান কৰিছিল। তেতিয়াৰ পৰাই এই জলপ্ৰপাত টোৰ নাম হ’ল চম্পাৱতী ।
শিলাৰূপী চম্পাৱতীয়েই এই চম্পাৱতী জলপ্ৰপাত বুলি জনসমাজত এক বিশ্বাস প্ৰচলিত হৈ আছে। জনবিশ্বাস মতে, মাঘী সপ্তমীৰ দিনা চম্পাৱতী কুণ্ডত গা-ধুলে পুণ্য অৰ্জন হয় লগতে বেমাৰ-আজাৰো নিৰাময় হয়। এই ঠাইত সৰস্বতী পূজাৰ পিছদিনাৰ পৰা তিনিদিনীয়াকৈ চাপানলাবাসী ৰাইজে মহাকুণ্ড মেলাৰ আয়োজন কৰে।
পাহাৰৰ শিলাময় বুকুত অৱস্থিত এই চম্পাৱতীলৈ নৱেম্বৰ ডিচেম্বৰ মাহত আগমন হয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ বনভোজ দলৰ। চম্পাৱতীৰ গাতে লাগি থকা সেউজীয়া পৰিৱেশত বন্ধু-বান্ধৱী, আত্মীয়-স্বজনৰ লগত যিসকলে এসাঁজ খাইছে, তেওঁলোকে এই মাদকতা কেতিয়াও পাহৰিব নোৱাৰে। যদিও এই ঠাইলৈকে যোৱাৰ ৰাস্তা ইমান মসৃন নহয়, কিন্তু প্ৰকৃতিৰ সুন্দৰতম বস্তুবোৰ ইমান সহজে দেখা নাযায়। অলপ কষ্ট কৰি এই ঠাইৰ দৃশ্য উপভোগ কৰিব পাৰিলে মন প্ৰাণ ভৰি যায়।
Thursday, February 29, 2024
Home
/
Champavati Waterfall nagaon
/
chapanala picnic place
/
Chapanala Waterfall Nagaon Assam Picnic Place
/
nagaon chapanala picnic spot
/
Chapanala Waterfall Nagaon Assam - Picnic Place - চম্পাৱতী জলপ্ৰপাত নগাঁও অসম
Chapanala Waterfall Nagaon Assam - Picnic Place - চম্পাৱতী জলপ্ৰপাত নগাঁও অসম
About AsomNow
alistarbot is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates.
nagaon chapanala picnic spot
Tags
Champavati Waterfall nagaon,
chapanala picnic place,
Chapanala Waterfall Nagaon Assam Picnic Place,
nagaon chapanala picnic spot
Subscribe to:
Post Comments (Atom)









Good Information!
ReplyDeletenews8northeast