Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Monday, May 30, 2022

গুৰুদংমাৰ লেক - পৃথিৱীৰ উচ্চতম লেক - Gurudongmar Lake - Lachen - North Sikkim

গুৰুদংমাৰ লেক

উত্তৰ চিকিমত অৱস্থিত গুৰুদংমাৰ লেক পৃথিৱীৰ উচ্চতম লেক সমূহৰ ভিতৰৰ এটা লেক। ১৭৮০০ ফুটৰ উচ্চতৰ এই লেকটো চিকিমৰ ৰাজধানী গেংটকৰ পৰা ১৯০ কিলোমিটাৰ দূৰত অৱস্থিত।ইয়াৰ  পৰা তিব্বতৰ সীমা মাত্ৰ 5 কিলোমিটাৰ । আয়তনৰ হিচাবত ইয়াৰ পৰিসীমা ১১৮ হেক্টৰ আৰু ৫.৩৪ কিলোমিটাৰ দীঘল।

  
কথিত আছে যে বৌদ্ধ ধৰ্ম গুৰু পদ্মসম্ভাৱে অষ্টম শতিকাত এই স্থান ভ্ৰমণ কৰিছিল। তেখেতে দেখিলে যে ওচৰ পাজৰৰ মানুহ খিনিয়ে শীতকালত বৰ পানীৰ অভাৱত ভোগে। সেইকাৰণে তেখেতে লেকৰ পানীত হাত ৰাখি প্ৰাৰ্থনা কৰে যে এটা অংশ ৰ পানী কেতিয়াও গোট নামাৰে। সেয়ে হাজাৰ শীত হলেও লেকৰ এটা অংশৰ পৰা সদায়েই মিঠা পানীমানুহে আহৰণ কৰিব পাৰে। সকলো ধৰ্মালম্বী মানুহে বিশেষ কৈ বৌদ্ধ সকলে এই লেক টো পবিত্ৰ স্থান  হিচাবে গণ্য কৰে।।
    এই লেকটো ভ্ৰমণ কৰিবলৈ ভাৰতীয় সকলৰ ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন। চিকিম ট্যুৰিজিম অফিচৰ পৰা ইনাৰ লাইন পাৰ্মিট সংগ্ৰহ কৰিব লাগে। দুকপি পাছপোৰ্ট ফটো আৰু ভোটাৰ কাৰ্ডৰ জেৰক্স কঁপি জমা দিলে এই পাৰ্মিট সংগ্ৰহ কৰিব পাৰে। বিদেশী ভ্ৰমণকাৰীয়ে এই পাৰ্মিট বিদেশ মন্ত্ৰালয়ৰ পৰা সংগ্ৰহ কৰিব লাগে।
   গেংটক ৰ পৰা আহি লাচেন নামৰ গাঁও খনত ৰাতি টো কটাই পুৱাই গুৰুদংমাৰ লেকলৈ ভ্ৰমণ কাৰী সকলে ৰাওনা দিয়ে।১০০০০ ফিটত অৱস্থিত লাচেন ৰ পৰা লেকলৈ গাড়ীৰে প্ৰায় ৪-৫ ঘণ্টা লাগে। লাচেন ত থাকিবলৈ হোটেল ৰ লগতে কিছুমান হোমষ্টে ও আছে।
     বৰফ আবৃত পাহাৰীয়া গুৰুদংমাৰলৈ যোৱা পথটো পৃথিৱীৰ ধুনীয়া পথ সমূহৰ মাজৰ এটা বুলি ভ্ৰমণ কাৰী সকলে গণ্য কৰে। পথৰ সৌন্দৰ্য বৰ্ণনাতিত। মটৰ চাইকেল বাইকাৰ সকলৰ বাইক চলাই গুৰুদংমাৰ ভ্ৰমণ কৰা এটা সপোন। সেয়ে ৰাস্তাত আপুনি বহুতো মটৰ চাইকেল আৰোহী পাব।
   কিন্তু উচ্চতা জনীত কিছু অসুবিধাও এই ভ্ৰমণ কালত পোৱা যায়। অক্সিজেন কম হোৱা কাৰণে মানুহ এই স্থানত এঘণ্টাৰ বেছি থাকিব নোৱাৰে। দুপৰীয়া ১২ বজাৰ মানৰ পৰা খুব বতাহ বলিব ধৰে।সেইকাৰনে ভ্ৰমনকাৰী সকলে আগবেলাতেই এই লেক ভ্ৰমণ কৰে। বেছি বয়সস্থ বা সৰু লৰা ছোৱালী এই স্থানলৈ যোৱা টো অলপ শংকাজনক।
    ডাক্তৰৰ পৰামৰ্শ লৈ প্ৰয়োজনীয় ঔষধ, কৰ্পূৰ, আদা আদি লগত নিব লাগে।  ১৪০০০ ফুট উচ্চতাত অৱস্থিত থাঙগো গুৰুদংমাৰলৈ যোৱাৰ পথত শেষ জনপদ। তাত মিলিটেৰী কেম্প এটা আছে যত প্ৰয়োজন হলে চিকিৎসাৰ সুবিধা পোৱা যায়।
     গুৰুদংমাৰ ভ্ৰমণ কৰাৰ উপযুক্ত সময় হৈছে মাৰ্চৰ পৰা ছেপ্টেম্বৰ।

No comments:

Post a Comment

Adbox