Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Tuesday, October 3, 2023

দুৰ্গা পূজাৰ বাবে কিয় লাগে ‘বেশ্যালয়’ৰ মাটি? আচৰিত হ’ব জানিলে - Durga Puja Idol


আহি আছে দুৰ্গা পূজা। আহিন মাহৰ আৰম্ভণিৰ পৰাই অসমবাসীৰ মনত পূজা পূজা আমেজ এটা গঢ় লৈ উঠিছে। দুৰ্গা পূজাৰ আয়োজকসকলো এতিয়া বৰ ব্যস্ত। দুৰ্গা মূৰ্তি নিৰ্মাণৰ কামো কেইমাহমান আগৰে পৰাই আৰম্ভ কৰিছে শিল্পীসকলে। মূৰ্তি নিৰ্মাণ কৰিবলৈ বুলি ‘বেশ্যালয়’ অৰ্থাৎ যৌনালয়ৰ পৰা মাটি আনিছে শিল্পীসকলে।

জানি আচৰিত হ’ব যে দুৰ্গা দেৱীৰ মূৰ্তি নিৰ্মাণ কৰিবৰ বাবে যৌনালয়ৰ মাটি ব্যৱহাৰ কৰা হয়। কিন্তু যৌনালয়ক মানুহে ‘অশুদ্ধ’ বুলি গণ্য কৰে। বেশ্যালয়ত থকা মহিলাসকলক ‘অশুচি’ বুলি গণ্য কৰে তথাকথিত সমাজে। দেৱী আদ্যশক্তিৰ মাটিৰ মূৰ্তি তৈয়াৰ কৰিবলৈ ‘অশুচি’ যৌনালয়ৰ মাটিৰ প্ৰয়োজন কিয়?


পৌৰাণিক ব্যাখ্যা অনুসৰি দেৱী দুৰ্গাৰ দৃষ্টিত সকলো সমান। কিন্তু যৌনকৰ্মী সকল দেৱীৰ দৃষ্টিত বেছি সন্মানীয়।  কিয়নো, পুৰুষে যৌনালয়লৈ গৈ তাত নিজৰ জীৱনৰ সঞ্চিত সকলো গুণ হেৰুৱাই থৈ আহে আৰু তাৰ পৰিৱৰ্তে যৌনালয়ৰ পৰা বুটলি আনে পাপ। সেয়েহে যৌনালয়ৰ মাটি গুণেৰে ভৰপূৰ। গতিকে বেশ্যালয়ৰ সেই ‘বিশুদ্ধ’ মাটি অবিহনে দেৱীৰ মূৰ্তি আধৰুৱা।


অৱশ্যে ইয়াৰ আঁৰত আন এক পৌৰাণিক ব্যাখ্যাও আছে। পুৰাণৰ মতে বিশ্বমিত্ৰ ঋষিয়ে জ্ঞান লাভৰ আশাত কঠোৰ তপস্যা কৰিছিল। ভগৱান ইন্দ্ৰই এই কথাত ভয় খাই সৰগৰ অপেশ্বৰী মেনকাক ধ্যান ভংগ কৰিবলৈ ঋষিৰ ওচৰলৈ পঠিয়াই দিলে। ঋষিৰ ধ্যান ভংগ কৰাটো সহজ কাম নহয়। যি কাম নিজে দেৱৰাজে কৰিব নোৱাৰিলে, সেই কাম মেনকাই সম্পন্ন কৰিলে।


 লগতে দুৰ্গা দেৱীক ৯টা ৰূপত পূজা কৰা হয়। দেৱীৰ এই নৱম ৰূপটো বেশ্যাৰ প্ৰতিনিধি। অষ্টকন্যা পূজাৰ পিছত দেৱীৰ এই নৱম ৰূপটোক পূজা কৰা হয়। এই নটা ৰূপ হৈছে হৈছে নৃত্যশিল্পী, কপালিনী, ধোপানী, নপিতানি, ব্ৰাহ্মণী, শূদ্ৰাণী, গোৱালিনী, মালিনী আৰু পতিতা। যিসকল সমাজৰ দৃষ্টিত নিম্ন, যিসকলক বছৰজুৰি অশুদ্ধ জ্ঞান কৰা হয়, তেওঁলোকক দেৱী বন্দনাৰ সময়ত সাধাৰণ মানুহে পূজা কৰে।

কিন্তু কাৰণ যিয়েই নহওক, বেশ্যালয়ৰ ‘অশুচি নাৰী’ৰ মাটিৰে দেৱীৰ মূৰ্তি তৈয়াৰ কৰা হয়। পুৰাণৰ মতে দেৱতাতকৈ ‘বেশ্যা’ অধিক শক্তিশালী। তাৰোপৰি সমাজবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা প্ৰতিগৰাকী নাৰী এগৰাকী মাতৃৰ সমান। পুৰুষে নাৰীক বেশ্যালৈ ৰূপান্তৰিত কৰে। নাৰী কেতিয়াও অশুদ্ধ নহয়। সেই এই বাৰ্তাটো প্ৰতি বছৰে দেৱীৰ আৰাধনাত মিলাই দিয়া হয়।

No comments:

Post a Comment

Adbox