Assamese Blog, Jobs in Assam, Assamese Font, Helth Tips, Assamese Graphics Designe

Assamese Blog, Jobs in Assam, Assamese Cover Designe, GFX Designer, Assamese Font, Assamese Unicode Font, Assamese Tips & Tricks

Breaking

Saturday, October 7, 2023

কিয় বিবাহ বিচ্ছেদ হ’ল ক্ৰিকেটাৰ ধাৱানৰ ? - Shikhar Dhawan Divorce


৩টা কাৰণঃ কিয় বিবাহ বিচ্ছেদ হ’ল ক্ৰিকেটাৰ ধাৱানৰ? পত্নীয়ে কি কি অত্যাচাৰ চলাইছিল ভাৰতীয় ক্ৰিকেটাৰৰ ওপৰত?


ক্ৰিকেটাৰ শিখৰ ধাৱানৰ বিবাহবিচ্ছেদৰ খবৰ সমগ্ৰতে ভাইৰেল হৈ পৰিছে। দিল্লীৰ পাটীয়ালা আদালতে তেওঁৰ বিচ্ছেদ মঞ্জুৰ কৰিছে। কি কি কাৰণত এই বিচ্ছেদ হ’ল ধাৱানৰ

দেশলৈ উভতি নাহিল পত্নী
বিবাহৰ সময়তে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ বিবাহৰ পাছত ভাৰতলৈ আহিব। ধাৱানৰ সৈতে একেলগেই সময় কটাব আয়েশাই। আয়েশা বৰ্তমান অষ্ট্ৰেলিয়াৰ বাসিন্দা। কিন্তু আয়েশা অষ্ট্ৰেলিয়াত থকাতো ধাৱানে বিচৰা নাছিল। ইফালে পত্নী আয়েশাই ধাৱানকো অষ্ট্ৰেলিয়ালৈ লৈ যাব খুজিছিল। কিন্তু ধাৱান কোনো কাৰণতে যাব নোৱাৰে। কাৰণ তেওঁ ভাৰতীয় ক্ৰিকেট টীমত এতিয়াও খেলি আছে। এই বিষয়টোক কেন্দ্ৰ কৰিয়েই দুয়োৰে মাজত মনোমালিন্যই দেখা দিছিল। ইয়াৰোপৰি আয়েশাৰ প্ৰথম স্বামীৰ ফালৰ পৰা দুগৰাকীকৈ কন্যা সন্তানো আছিল।

সন্তানৰ দায়িত্বৰ বাবে সম্পত্তি বিক্ৰি


অষ্ট্ৰেলিয়াত ধাৱানৰ তিনি স্থানত সম্পত্তি আছিল। সেই সকলো সম্পত্তি আয়েশাই নিজৰ নামত কৰি লৈছে। ধাৱানৰ অষ্ট্ৰেলিয়াত থকা সম্পত্তিৰ ৯৯ শতাংশই আয়েশাই নিজৰ নামত লৈ লৈছে। ইফালে অইন দুটা সম্পত্তিৰ অৰ্ধেক শতাংশ নিজৰ নামত লৈছে আয়েশাই। কিন্তু আয়েশাৰ দাবী যে এই সম্পত্তি ক্ৰয়ৰ বাবে আধা ধন তেওঁ ধাৱানক দিছিল। আয়েশাৰ এই দাবীৰ প্ৰমাণ আদালতে আয়েশাৰ পৰা বিচাৰিছিল যদিও আয়েশাই কোনো ধৰণৰ প্ৰমাণ দাঙি ধৰিব নোৱাৰিলে। ধাৱানৰ অধিবক্তাই জনোৱা অনুসৰি আয়েশাই তেওঁৰ সন্তানৰ খৰচ দেখুৱাই ধাৱানৰ ওপৰত প্ৰেছাৰ দি ধন দাবী কৰিছিল।

ধাৱানক নিজৰ সন্তানক লগ কৰিবলৈ দিয়া নাছিল আয়েশাই

নিজৰ সন্তানৰ সৈতে ধাৱানক লগ কৰিবলৈ দিয়া হোৱা নাছিল। আয়েশাই কেইবামাহ ধৰি সন্তানৰ সৈতে ধাৱানক লগ কৰিবলৈ দিয়া নাই। কৰ্টৰ নিৰ্দেশত এতিয়াৰে পৰা ধাৱানে অষ্ট্ৰেলিয়া আৰু ভাৰত দুই দেশতেই তেওঁ সন্তানক লগ কৰিব পাৰিব। ইয়াৰোপৰি আয়েশাই সন্তানক বলপূৰ্বক নিজৰ সৈতে ৰাখিব নোৱাৰিব। অৱশ্যে স্কুলত থকাৰ সময়ত তেওঁ বলপূৰ্বক সন্তানক ভাৰতলৈ আনিবও নোৱাৰিব।

No comments:

Post a Comment

Adbox